TMPK দাংধৰা আঞ্চলিক সমিটিৰ উদ্যোগত সংবাদমেল আয়োজন
TMPK ৰ ঢকুৱাখনাৰ দাংধৰা আঞ্চলিক সমিটিৰ উদ্যোগত বুধবাৰে আবেলি ছাত্র - ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত উত্তৰণৰ সম্পৰ্কে আৰু গুণগত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সজাগতামূলক সংবাদমেল আয়োজন কৰে।
কেকুৰী আদৰ্শ হাইস্কুলত আয়োজন কৰা এই সংবাদমেলত TMPK ৰ দাংধৰা আঞ্চলিক সমিতিয়ে একাংশ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, গুণগত শিক্ষা আৰু সমস্যা সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰে।
সংবাদমেলৰ জৰিয়তে কয় যে একাংশ বিদ্যালয়ত চৰকাৰী নীতি নিৰ্দেশনা মানি চলা নাই।গতিকে এনেধৰণৰ স্কুলক চৰকাৰী নীতি নিয়মৰ মতে পৰিচালনা কৰিবলৈ আহ্বান জনায়, লগতে এই ক্ষেত্ৰত ৰাইজে গুৰুত্ব আৰোপ কৰি সহযোগ কৰিব লাগিব।লগতে এনেধৰণৰ বিদ্যালয়ত দেখা দিয়া বেমেজালি দূৰ কৰিবলৈ এই দাংধৰা আঞ্চলিক সমিতিয়ে অনাগত দিনত কাম কৰি যাব।
অন্যহাতে আন্তঃগাঠনি দূৰ্বল, ৫০/৬০ জনীয়া ছাত্র ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক থকা স্কুল সমূহত শ্ৰেণী ভিত্তিত শিক্ষক নিয়োগ কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অনুৰোধ জনায়।
ইফালে দাংধৰা আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়ত অধ্যয়নত প্ৰতিগৰাকী ছাত্র ছাত্ৰীৰ শৈক্ষিক ভবিষ্যত নিৰাপত্তা সুনিশ্চিত হব লাগিব, গুণগত শিক্ষা আহৰণ কৰিব লাগিব। লগতে এইসকল ছাত্র ছাত্ৰীৰ অভিভাৱক সকল সজাগ আৰু সচেতন কৰি তুলিবলৈ দাংধৰা আঞ্চলিক সমিতিয়ে কাম কৰিব বুলি সদৰী কৰে।