জোনাইৰ এঘাৰ বছৰীয়া এটি শিশুৰ কৰুণ কাহিনী ।জন্মৰে পৰা দুটি চকু অবিহনে জীৱন অতিবাহিত কৰা অৰণ্য পেগু বৰ্তমান চৰ্চিত ।
এটি এঘাৰ বছৰীয়া শিশু । দেও দি উমলি সমনীয়াৰ সতে খেলি সোনোৱালী শৈশৱৰ আনন্দ উপভোগ কৰাৰ সময় এই শিশুটিৰ । শিশুটিৰ নাম অৰণ্য পেগু । পিছে কান্দোনো জীৱনৰ আন এটা নাম । এঘাৰ বছৰীয়া এইগৰাকী শিশু অৰণ্য পেগুৰ সোনোৱালী শৈশৱতে লাগিল বাস্তৱৰ কৰুণ আচোৰা ।
জোনাইৰ বাহিৰ জোনাই পঞ্চায়তৰ অন্তৰ্গত বলুকাগুৰি গাঁৱৰ যজাতি পেগু আৰু দীপ্তিমণি পেগুৰ সন্মান অৰণ্য পেগু । অৰণ্য পেগুৰ জন্মৰে পৰাই নাই দুটি চকু । জানিব পৰা মতে জন্মৰ তিনিমাহৰ পিছত অৰণ্য পেগুৰ চকু দুটি চিকিৎসাৰ বাবে দৰিদ্ৰ পিতৃ মাতৃয়ে নিছিল ডিব্ৰুগড়লৈ । কিন্তু দিন হাজিৰা কৰা পিতৃ মাতৃয়ে ধনৰ অভাৱত কৰিব নোৱাৰিলে সন্তানৰ উন্নত চিকিৎসা । যাৰ ফলত আজি প্ৰায় এঘাৰ বছৰে অৰণ্য পেগু নামৰ এই শিশুটোৱে জীয়াই আছে অন্ধকাৰৰ জীৱন । কিন্তু অন্ধকাৰৰ মাজতে অৰণ্যই উপভোগ কৰিব বিচাৰিছে সোনোৱালী শৈশৱৰ আনন্দ । অৰণ্যই আজি এঘাৰ বছৰে দেখিব পোৱা নাই জন্মদাতা পিতৃ মাতৃ , আত্মিয়, কিম্বা লগৰবোৰ দেখাত কেনেকুৱা । কাৰণ অৰণ্যৰ বাবে যে কোনো বস্তুৰে ৰূপ নাই কেওপিনে মাথো অন্ধকাৰ অন্ধকাৰ । নিজ সন্তানৰ এনে কৰুণ জীৱন সহীব নোৱাৰি পিতৃ মাতৃয়ে বহুবাৰ চেষ্টাও কৰিলে উন্নত চিকিৎসা বাবে, কিন্তু প্ৰতিবাৰেই থমকি ৰবলৈ বাধ্য হৈছিল ধনৰ অভাৱত । বিকলাংগৰ বাবে চৰকাৰে ৰূপায়ন কৰা বহু অভিলাষী আঁচনিও ঢুকি নাপালে অৰণ্য পেগুক । যাৰ ফলত কণমানি আৰণ্য পেগুৱে নিজা ভগ্নী, সমনিয়াৰ সৈতে খেলি কৰুণ তথা অন্ধকাৰ জীৱনৰ মাজতে সোনোৱালী শৈশৱৰ আনন্দ উপভোগ কৰিছে এনেদৰে । ইফালে কণমানি অৰণ্য পেগুৱে লোকৰ ম'বাইলৰ গান শুনি নিজেও গাই ভাল ঐনিতম । বজাব জানে ঢোল গগনাও । এতিয়া লাখ টকীয়া প্ৰশ্নটো হল চৰকাৰৰ বিকলাঙ্গৰ কিবা আঁচনি অৰন্য পেগুৰ ভাগত পৰিবনে ?