Share on Facebook

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাত ক্ষুব্ধ হৈ অহা ৬জানুৱাৰীত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ত অৱস্থান ধৰ্মঘট আন্দোলনৰ ঘোষণা

 অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাত ক্ষুব্ধ হৈ অহা ৬জানুৱাৰীত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ত অৱস্থান ধৰ্মঘট আন্দোলনৰ ঘোষণা কোচ ৰাজবংশী জাতীয় পৰিষদৰ। :

জনজাতি দল সংগঠনৰ বিপৰীতে এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰণহুংকাৰ ।



নৱবৰ্ষৰ 2022 ইং চনৰ প্ৰথমটো দিনতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত কোঁচ ৰাজবংশী জনগোষ্ঠীকে ধৰি  ৬জনগোষ্ঠী ক জনজাতিকৰণ কৰিলে বিভিন্ন জনজাতি, দল-সংগঠন সমূহে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি কৰা ঘোষণাৰ পিছদিনাখনেই জাঙুৰ খাই উঠিছে সমগ্র বিশ্ব, দেশৰ লগতে পশ্চিমবংগ আৰু অসমৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লাখ লাখ জনগণৰ বিভিন্ন দল,সংগঠন আৰু সদৌ কোচ ৰাজবংশী জাতীয় পৰিষদ।এই সন্দৰ্ভত প্ৰাপ্ত বাতৰি মতে বিগত ১৯৯৬চনত অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেৰা নেপেৰা প্ৰচেষ্টাত ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ শংকৰ দয়াল শৰ্মাই এক আধ্যাদেশত অসমৰ কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিৰ স্বীকৃতি প্ৰদানৰ বিপৰীতে কোনো সংশ্লিষ্ট দল ,সংগঠনে কোনো অসন্তুষ্টি তথা সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি নোহোৱাৰ যুক্তি দাঙি ধৰি তীব্ৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰি সদৌ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিমল বৰ্মন আৰু সাধাৰণ সম্পাদক তথা প্ৰাক্তন আক্ৰাছু ৰ কেন্দ্ৰীয় সভাপতি বিশ্বজিৎ ৰায়ে এক প্ৰেছ বিবৃত্তিত প্ৰকাশ কৰিছে যে নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা অতি দুৰ্ভাগ্যজনকেই নহয়  এয়া আজিৰ দিনত বিজেপি চৰকাৰে উক্ত জনগোষ্ঠীটোক চূড়ান্ত অপমান কৰা বুলি দাবী কৰি ঐতিহাসিক কোমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত অহা ৬জানুৱাৰীত নামনি অসমৰ বঙাইগাঁও জিলা উপায়ুক্ত ৰ কাৰ্য্যালয়ৰ সম্মুখত ৩ঘন্টাৰ অৱস্থান ধৰ্ণা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে । আৰু ইয়াৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদিলে অনাগত দিনত সমগ্র দেশ আৰু অসম বংগ ৰাজ্যত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি ৰণহুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ উক্ত ঘোষণাৰ পিছতো এতিয়াও প্ৰস্তাৱিত কোমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কোনো দাম নাই বুলি অভিহিত কৰি পৰিষদখন ভংগ অথবা ইয়াৰ নেতৃবৃন্দসকলে পদত্যাগ নকৰাৰ বিষয়টোৱে তীব্ৰ ধিক্কাৰ দি জনজাতিকৰণৰ স্বাৰ্থত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে বুলি এক প্ৰেছ বিবৃত্তিত প্ৰকাশ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم