গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়াঘাটত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
ৰঙাগড়াঘাট তিনিআলিৰ এখন ব্ৰইলাৰ বিক্ৰী কেন্দ্ৰত জুইৰ সূত্ৰপাত হৈ কাষতে থকা এখন জোতা চেণ্ডেলৰ দোকানকে ধৰি এখন দৰ্জী দোকান, এখন ৱেলডিং দোকান আৰু এখন ফাষ্ট ফুড দোকানলৈকে জুই সম্প্ৰসাৰিত হোৱাত অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাস্থলীত কমাৰগাঁও আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ এটি দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
অগ্নিকাণ্ডৰ ফলত প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি দোকানৰ স্বতাধিকাৰী সকলে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
Tags:
Accident-medical