নামনি অসমৰ কোকৰাঝাৰত এৱছু নেতা মনেশ্বৰ ব্রহ্মৰ ৰাজকীয় বিবাহ:
উপস্থিত মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক,ভিভিআইপি,ভি আই পি, আমোলা বিষয়া।
ৰাজ্যৰ নামনি অসম তথা বি-টি-আৰ (বি-টি-এ-ডি)এলেকাৰ ৰাজধানী চহৰ কোকৰাঝাৰৰ খাৰগাঁওত অনুষ্ঠিত হৈছে এক আলোড়ন সৃষ্টি কৰিব পৰা ৰাজকীয় বিবাহ ।হয় আমি কব বিচাৰিছো এগৰাকী চুটি চাপৰ সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এৱছুৰ বাইছবছৰীয়া বড়ো জনগোষ্ঠীৰ বৃহৎ সংগ্ৰামী তথা অতি পুৰণি কেন্দ্ৰীয় নেতা মনেশ্বৰ দৈমাৰীৰ বিবাহ ।প্ৰাপ্ত বাতৰি মতে মনেশ্বৰ দৈমাৰী দেখাত অতি চুটি চাপৰ হলেও বহু বাঘা- বাঘা নেতাৰ সংস্পৰ্শ লাভ কৰা এই গৰাকী নেতাৰ বিবাহ উৎসৱত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ,অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী বি-টি-আৰৰ প্রধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰখাওগৌৰা ব্রহ্ম, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য আৰু হাগ্ৰামা মহিলাৰীকে ধৰি বাঘা-বাঘা ভি.ভি.আইপি ভি.আইপি নেতা মন্ত্ৰী আমোলা বিষয়া আদিয়ে উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উক্ত বিবাহ কাৰ্যৰ সৌষ্টৱ বৃদ্ধি কৰে ।জানিব পৰামতে বি-টি-এ-ডি এলেকাৰ বাক্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ পুখুৰীৰ পাৰ গাঁওত জন্ম গ্ৰহণ কৰা এই গৰাকী নেতা ৪৫ বছৰীয়া মনেশ্বৰ দৈমাৰীয়ে চম্পা বড়ো নামৰ কইনা গৰাকীৰ সৈতে বিবাহ বাশত আবদ্ধ হয় । যদিও তেওঁৰ এই ৰাজকীয় বিয়াত কোভিড মহামাৰীৰ মাজতো ইতিমধ্যে বড়ো জনগোষ্ঠীৰ মাজত এক বিশেষ উৎসাহ উদ্দীপনাৰ অৰ্থাৎ বুজাব নোৱাৰা পৰিস্থিতিৰ প্ৰাণ পাই উঠিছে ।আৰু মনেশ্বৰ দৈমাৰীৰ উক্ত বিয়াত আমিও যুগ্ম জীৱনৰ মঙ্গল কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিলোঁ।