গহপুৰৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPK ৰ ত্ৰি বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনা মুকলি সভা।
জাতিৰ উত্তৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা TMPK ৰ এই অধিবেশনে জাতিৰ
হকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰি পুৱাৰ ভাগলৈ চলি থকা প্ৰতিনিধি সভাত
মিগাং ৰাজীৱ পেগুক সভাপতি আৰু ভাইটি দলেক সম্পাদক হিচাপে লৈ ৮০শতাংশ নতুন
মুখৰ সদস্য সদস্যাৰে ৫৫ জনীয়া এখন শক্তিশালী শোণিতপুৰ জিলাৰ TMPK কমিটি গঠন
কৰা হয়। জীয়াভৰলীৰ পৰা হাৱাজানলৈ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ লোক সমাগম হোৱা মধ্য
ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰা
পৰিলক্ষিত হয়।
Tags:
Art & culture