জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মীলনীৰ তৰফৰ পৰা ডেকাপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰণতি কুম্বাঙলৈ বিদায় সম্বৰ্দ্ধনা ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ডেকাপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰণতি কুম্বাঙৰ বৰ্ণিল কৰ্মজীৱনৰ আনুষ্ঠানিক সফল সামৰণিত জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মীলনৰ তৰফৰ পৰা সোমবাৰে জনোৱা হয় বিদায় সম্বৰ্দ্ধনা ।
এগৰাকী জ্ঞানৰ অন্বেষক শিক্ষাগুৰু হিচাপে জীৱনজোৰা জ্ঞান আৰু উপলব্ধিবোৰক সহস্ৰ জিজ্ঞাসু বিদ্যাৰ্থীৰ মাজত বিলাই দি তেওঁলোকৰ জীৱনক জ্ঞান আলোকেৰে উদ্ভাসিত কৰি যি মহান দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰিলে ইয়াৰ বাবে জোনাইৰ পৰা চিলাপথাৰৰ ভিতৰত থকা বহু শিক্ষক সমাজৰ লগতে ৰাইজে সম্বৰ্ধনা জনায় বিদায় দিয়ে ।
উক্ত অনুষ্ঠানত জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মীলনীৰ সভাপতি, সম্পাদক আদিকে ধৰি সমাজকৰ্মী আৰু প্ৰণতি কুম্বাঙৰ পৰিয়ালৰ লোকসকলে উপস্থিত থাকে ।