الصفحة الرئيسيةArt & culture মিচিং জনগোষ্ঠীয় পৱিত্ৰ উৎসৱ আলি আয় লিগাংক আদৰিৱলৈ সাজু হৈছে নৈ কাষৰীয়া লোহিতমূখৰ মিচিং সম্প্ৰদায়ৰ ৰাইজ* byMISING LUTAD (NEWS) •فبراير 04, 2022 0 মিচিং জনগোষ্ঠীয় পৱিত্ৰ উৎসৱ আলি আয় লিগাংক আদৰিৱলৈ সাজু হৈছে নৈ কাষৰীয়া লোহিতমূখৰ মিচিং সম্প্ৰদায়ৰ ৰাইজপলাশ ফুলিছে শিমলু ফুলিছে উতলা হৈছে কনেঙৰ মন। ফাগুন মানেই অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। আলি আঃয়ে লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। মিচিং জনগোষ্ঠীৰ অতিকৈ আপোন আলি আঃয়ে লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হব। তাকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং জনগোষ্ঠীৰ লোক সকল উৎসৱটি আদৰিবৰ বাবে ওলহ-মালহেৰে ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ নৈ পৰীয়া মিচিং জনগোষ্ঠীয় লোক সকলেও আলি আয়ে লিগাংৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । লোহিতমুখৰ ৰাইজেও একত্ৰিত হৈ লোহিতমুখ হাইস্কুলৰ খেলপথাৰত পৱিত্ৰ উৎসৱটি আদৰিবলৈ ব্যস্ত হৈ পৰিছে ।লোহিতমুখ বাংকে আলি আয় লিগাং উদযাৰ্পন সমিতেৰ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা আলি-আয়-লিগাংৰ আজি লাইখুটা স্থাপন কৰাৰ লগতে দেখা গৈছে সকলোৰে মাজত ব্যাপক উচাহ-আনন্দ। কনেঙ সকলে ৰিবি গাছেং আৰু ডেকা সকলে গনৰ ওগন পৰিধান কৰি ঐনিতমৰ তালে তালে নাচি বাগি আনন্দময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে লোহিতমূখত। Tags: Art & culture Facebook Twitter