জোনাইৰ TMPK গালী আঞ্চলিক সমিতিৰ কাৰ্যালয়ত ১৯ তম ধন্বন্তৰী সেৱা যাত্ৰা-২০২২ ৰ লগত সংগতি ৰাখি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত TMPK গালী আঞ্চলিক সমিতিৰ কাৰ্যালয়ত সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাইজেশ্বন আৰু TMPK গালী আঞ্চলিক সমিতিৰ সহযোগত ১৯ তম ধন্বন্তৰী সেৱা-২০২২ ৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বিনামূলীয়া চিকিৎসা শিবিৰ ।
উক্ত অনুষ্ঠানত ড° ৰোসিত গোহাঁই ৰ উপস্থিতত তথা সেৱা ভাৰতী লক্ষীমপুৰ বিভাগৰ বিভাগ সংযোজক ৰণজিৎ বৰগোহাঁইৰ লগতে TMPK গালী আঞ্চলিক সমিতিৰ সভাপতি বিজয় পেগুৰ তত্বাৱধানত গালী অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ২০০ ৰো অধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰে ।
এই বিনামূলীয়া চিকিৎসা শিবিৰত নানা ধৰণৰ ৰোগৰ লগতে সাধাৰণ ৰোগ পেট বিষ, মুৰ বিষ, জ্বৰ, আদি নানা ধৰণৰ ৰোগ চিকিৎসা কৰে ।
Tags:
Awareness
