মহাৰাজ অনন্ত ৰায়ৰ কোচবিহাৰ ৰাজ্য গঠনৰ বিৰুদ্ধে এবছু ৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু গৰিহণা।
অসম পশ্চিমবঙ্গৰ একাংশকলৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কোঁচ ৰাজবংশী জনগোষ্ঠীক কোঁচ বিহাৰ কেন্দ্ৰীয় শাসিত পৰিষদ অৰ্থাৎ কোঁচ ৰাজ্য প্ৰদানৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মহাৰাজ অনন্ত ৰায়ে কৰা ঘোষণা তথা মন্তব্যত ইতিমধ্যে পশ্চিমবঙ্গ ,উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ অসম জুৰি যি তুমুল বিতৰ্ক ,প্ৰতিক্ৰিয়া আৰু ভূমিকম্পৰ সৃষ্টি কৰিছে ৰাজনৈতিক অৰাজনৈতিক ভাবে এয়া অতি সহজেই অনুমেয় ।বিশেষকৈ মহাৰাজ অনন্ত ৰায়ৰ ঘোষণাৰ প্ৰতিবাদত আজি সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু য়ে বিটিএডি এলেকাৰ চিৰাং জিলাৰ এবছু ৰ কাৰ্য্যালয়ত এবছু ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি ৰক্তাক্ত পৰিবেশ,বহুতো শ্বহীদ আৰু আন্দোলনৰ ফলত বিটিএডি তথা বিটিআৰ চুক্তিৰ জৰিয়তে সাংবিধানিক ষষ্ঠ অনুসূচীত অধিকাৰ লাভ কৰা হৈছে ।এতিয়া যদি মহাৰাজ অনন্ত ৰায়ৰ মতে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে আমাৰ এলেকাৰ কোকৰাঝাৰ, চিৰাং আৰু অন্যান্য অঞ্চল সাঙুৰি কোচবিহাৰ ৰাজ্য গঠন কৰে তেনেহলে পুনৰ আন এক ভাতৃঘাটি সংঘৰ্ষয়ে নহয় এবছু য়ে পুনৰ ৰাজপথত ওলাবলৈ বাধ্য হব।তেওঁ এনে ঘোষণাত তীব্ৰ গৰিহণা দি কি কৈছে শুনো আহক।সংবাদমেলত কেন্দ্ৰীয় সম্পাদক খনিন্দ্ৰ বসুমতাৰী সহ সম্পাদক দীনেশ ব্ৰহ্ম,প্ৰচাৰ সম্পাদক আদি উপস্থিত আছিল।
বঙাইগাঁও ৰপৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
Tags:
Assam news
