পুনৰ আৰম্ভ হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য। এই দলঙৰ নিৰ্মাণৰ বিসংগতি ধৰা পৰাৰ পাছতে বিগত প্ৰায় ৫ মাহ ধৰি বন্ধ ৰখা হৈছিল নিৰ্মাণকাৰ্য । মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভউল্লেখ্য যে প্ৰায় ৬৫৩ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলীবাসীৰ সপোনস্বৰূপ দলংখনৰ বিসংগতি যোৱা ১ মে'ত পোহৰলৈ আহিছিল । দল-সংগঠন আৰু সংবাদমাধ্যমে বিসংগতিৰ তথ্য পোহৰলৈ আনিছিল । দলংখনৰ ৮ আৰু ১১ নং খুটাত বিসংগতি ধৰা পৰিছিল । এই কথা পোহৰলৈ অহাৰ পাছতে নিৰ্মাণস্থলীত উপস্থিত হৈ স্থানীয় বিধায়ক ভুবন গাম, সাংসদ প্ৰদান বৰুৱা আৰু উপায়ুক্তই বিসংগতি দূৰ নোহোৱালৈকে কাম বন্ধ কৰাৰ নিৰ্দেশ দিছিল । তাৰ পাছতে দিল্লীৰ পৰাও বিশেষজ্ঞ আৰু অভিযন্তাৰ দল আহি উপস্থিত হৈছিল আৰু বিসংগতিৰ তদন্ত আৰম্ভ কৰিছিল । দুভাগ্যজনক ভাৱে দলং ৰ খুটাৰ যি তদন্ত হৈছিল এই তদন্ত ৰ প্ৰতিবেদন আজি পয্যন্ত ৰাজহুৱা নহল । ইফালে ৫ মাহ ধৰি বন্ধ থকা দলং ৰ কাম হঠাৎ তেজস্বীতা মৃত্যুৰ পাছত আৰম্ভ কৰি দিয়াত, তেজস্বীতা মৃত্যুৰ বাবে মাজুলী চিকিৎসা ব্যৱস্থা আৰু চৰকাৰৰ ওপৰত যি চচ্ছা হৈছিল সেই চচ্ছাক আনফালে নিবলৈ দলং ৰ কাম আৰম্ভ কৰা বুলি ও সন্দেহ প্ৰকাশ কৰিছে বহু লোকে
ইয়াৰ মাজতে মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণৰ কাম সোনকালে শেষ হোৱাতো কামনা কৰিছে মাজুলীবাসীয়ে । ২০২৬ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়াৰ দৰে ৰাজনীতি নোহোৱাকৈ দলং নিৰ্মাণৰ কাম শেষ হোৱাৰো কামনা মাজুলীবাসীৰ
