আগন্তুক লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবর্ষ তথা প্ৰতিটো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমতো চলিছে ক্ষমতা দখলৰ ব্যাপক প্ৰতিযোগিতা। কিন্তু এনে এক সন্ধিক্ষণত এতিয়া আৰম্ভ কৰিছে নামনী অসম তথা বিটিএডি এলেকাৰ প্ৰতিটো জিলাত সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু য়ে কেতবোৰ বিভিন্ন দিশত উন্নয়ন মূলক কাৰ্য্যৰ এক সজাগতা অভিযান। আজি চিৰাং জিলাৰ ৰৌমাৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত সজাগতামূলক মটৰচাইকেল ৰেলী।
আজি নিখিল বড়ো ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ উদ্যোগত জনগোষ্ঠীয় অধিকাৰ আৰু সামাজিক ন্যায়ৰ দাবীত বিশাল মটৰ চাইকেল ৰেলী উলিয়ায়।
ৰেলী কাৰ্যসূচীত
# জনজাতীয় বেল্ট আৰু ব্লকৰ ভুমি সুৰক্ষা, আৰু এফ আৰ এ আইন ৰূপায়ণকৰা।
# সকলোৰে বাবে গুণগত শিক্ষা প্ৰদান কৰা।
# সামাজত প্ৰচলিত ড্ৰাগছ, মদ, জুৱা, ডাইনী হিংসা, মানৱ সৰবৰাহ শিশু বিবাহ ইত্যাদি বন্ধ কৰা।
# স্থায়ী শান্তিৰ বাবে কাৰাবন্দী সকলো প্ৰাক্তন NDFB সদস্যক মুকলি কৰি দিয়া
আদি বিভিন্ন দাবীত এবছুৰ উদ্যোগত সজাগতামূলক মটৰচাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে।
জিলাখনৰ ৰৌমাৰীৰ পৰা আৰম্ভ কৰা সজাগতামূলক মটৰচাইকেল ৰেলী দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়ন কৰা হব বুলি উল্লেখ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই।
কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিৰ লগতে সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰি,চিৰাং জিলা সমিতিৰ সভাপতি সম্পাদক আদিৰ লগতে কেইবা শ এবছুৰ নেতা কৰ্মী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
