শ্ৰীশ্ৰীমাধৱদেৱৰ তিথি, জন্মাষ্টমী, দুৰ্গা পূজা,
ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ — ১০ দিনৰো অধিক ছুটি!
ধাৰ্মিক আৰু সাংস্কৃতিক উৎসৱৰ মাজত ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীয়ে উপভোগ কৰিব দীঘল বিশ্ৰাম। চৰকাৰী ছুটিৰ পঞ্জিকা অনুসৰি বিভিন্ন কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহ একাধিক দিনৰ বাবে বন্ধ থাকিব।
📌 ছেপ্টেম্বৰ মাহত প্ৰধান ছুটিবোৰঃ
-
৩ ছেপ্টেম্বৰ – কৰ্ম পূজা
২ ছেপ্টেম্বৰ (শুক্ৰবাৰ) – মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।
১৩ ছেপ্টেম্বৰ (শনিবাৰ) – দ্বিতীয় শনিবাৰ, সপ্তাহিক ছুটি হিচাপে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়।
১৪ ছেপ্টেম্বৰ (দেওবাৰ) – জন্মাষ্টমী উপলক্ষে বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। যি দিনটো দেওবাৰও বুলিয়েই কাৰ্যালয় বন্ধ থাকিব।
-
২৯ ছেপ্টেম্বৰ (সোমবাৰ) – দুৰ্গা পূজাৰ সপ্তমী উপলক্ষে বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।
৩০ ছেপ্টেম্বৰ (মঙ্গলবাৰ) – দুৰ্গা পূজাৰ অষ্টমী উপলক্ষে বন্ধ থাকিব সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।
মুঠতে, কৰ্ম পূজা, শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি, জন্মাষ্টমী, দুৰ্গা পূজা, দেওবাৰ আৰু শনিবাৰৰ ছুটি মিলাই প্ৰায় ১০ দিনৰো অধিক সময় বন্ধ থাকিব ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান।
এই ছুটিবোৰ মাত্ৰ কৰ্মচাৰীৰ বাবে নহয়, সাধাৰণ লোকৰো নিজৰ ধৰ্মীয় উৎসৱ আৰু পৰম্পৰা পালন কৰিবলৈ সুযোগ দিব।
ছেপ্টেম্বৰৰ মাহত বিভিন্ন ধৰ্মীয় উৎসৱ-পাৰ্বণ উদযাপন কৰা হয়। আৰু এইবাবেই প্ৰতিবছৰেই এই মাহত বহুকেইটা দিন চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহতো একেধৰণৰ দীঘল ছুটি পাব চৰকাৰী কৰ্মচাৰীসকলে। উৎসৱ, সপ্তাহিক বন্ধ আৰু শনিবাৰৰ ছুটি মিলাই প্ৰায় ১০ দিনৰো অধিক সময় বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠান।