শৈশৱতে হাত এখন হেৰুৱাই জীৱন যুজঁত থমকি ৰোৱা নাই । ঘূনাঁসূতি পঞ্চায়ত অন্তৰ্গত ৰৌমাৰি কঢ়া চাপৰি গাঁৱৰ পিতৃ:-দীন নাথ টাইদ
দৰিদ্ৰ পৰিয়ালৰ অক্লান্ত যুজাঁৰু চূচে টাইদ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি গীত গোৱা, নৃত্য, পানী তোলা, খৰি কটা ,বাৰীত কাম কৰা,চাইকেল চলোৱা সকলো দিশৰ পৰা এখন হাত নথকাকৈয়ে অনায়াসে দৈনন্দিন কামবোৰ কৰি গৈছে।
শাৰীৰিকভাৱে অক্ষম চুচে টাইদে মেট্ৰিকৰ দেওনাও সুখ্যাতিৰে পাৰ কৰিছে। আকাশ চুবৰ মন ,প্ৰশান্ত মহাসাগৰৰ খন সাতুৰি পাৰ হোৱাৰ মনৰ এই শাৰীৰিক ভাৱে অক্ষম য়ুৱতী গৰাকী আমাৰ মিচিং লুতাদ সংবাদীক গৰাকী জানিবলৈ দিয়ে।
চৰকাৰৰ পৰা অনুদানে ঢুকি নোপোৱা অতিকে পৰা ৰৌমাৰি কঢ়া চাপৰি চুচে টাইদে বৰ আক্ষেপে জনাই কয় অসম চৰকাৰৰ লক্ষীমপুৰ বিধায়ক উৎপল দত্ত ডাঙৰীয়া, মিছিং অটনামাজ কাউন্চিল বিজু পেগু ডাঙৰীয়া, মিচিং জাতীয় সংগঠন TMPKৰ লগতে বিভিন্ন দল সংগঠন চুচে টাইদে শাৰীৰিক ভাৱে হওক আৰ্থিকভাৱে হওক নতবা কৃত্ৰিম ভাৱে এখন হাত যোগাৰ কৰি দিবলৈ অনুৰুধ জনাইছে শাৰীৰিক অক্ষম চুচে টাইদে