সমাগত ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ নিৰ্ৱাচনকলৈ ৰাজনৈতিক দলবোৰৰ মাজত ককাঁলত টঙালি বন্ধাৰ
সময়ছোৱাতে আজি কোকৰাঝাৰত ইউপিপিএল দলে বিটিআৰৰ দুটা সমষ্টিৰ দলীয় প্ৰাৰ্থীত্ব ঘোঁষণা কৰিছে ৷
ইয়াৰে ২৮ নং গোসাইগাও বিধানসভত সমষ্টিত প্ৰাক্তন এম চি এল জিৰন বসুমতাৰীক আৰু ৫৮ নং
তামোলপুৰ বিধানসভা সমষ্টিত জলেন দৈমাৰীক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে ৷ আজি কোকৰাঝাৰ বডোফা
নৌগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকৰী সভাপতি ৰৌনগোড়া নাৰ্জাৰীয়ে এক
সংবাদমেল যোগে উক্ত কথা ঘোঁষণা কৰি বিটিআৰৰ
দুয়োটা সমষ্টিতে ইউপিপিএলৰ প্ৰাৰ্থী নিশ্চিত ভাৱে জয়ী হৱ বুলি দাৱী কৰিছে ৷ লগতে বিটিআৰত
ইউপিপিএল বিজেপি মিলি নিৰ্ৱাচনী যুজত অৱৰ্তীৰ্ণ হৱ আৰু ভৱানীপুৰ সমষ্টিত বিজেপি দলীয় প্ৰাৰ্থীক
ইউপিপিএলে সহায় কৰিৱ বুলি জনাই ৷সংবাদমেলত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী,দলৰ
সাধাৰন সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী আৰু কাৰ্যবাহী সদস্য মাধৱ ছেত্ৰী উপস্থিত থাকে ৷
