হেলেমৰ মিছামাৰীৰ যুৱক ৰোশন শৰ্মাই sports, exercises and human performance ত মাষ্টাৰ
ডিগ্ৰীৰ বাবে জাৰ্মান দেশৰ ইউনিভাৰ্ছিটি অৱ মনষ্টাৰত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিল
আৰু পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হেলেম, গহপুৰ তথা সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কৰিয়েই
আনিছে।
ৰোশন শৰ্মাই মধ্য প্ৰদেশৰ গোৱালীয়ৰৰ লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অৱ
ফিজিকেল ইডুকেশন ৰ পৰা স্নাতকত টপ ২০ ত ১৭ ৰেংকত উত্তীৰ্ণ হৈ জাৰ্মানীৰ উক্ত
ইউনিভাৰ্ছিটিত পঢ়িবলৈ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ৰোশন শৰ্মা হেলেমৰ মিছামাৰীৰ
পৰশুৰাম চিমৰীয়া শৰ্মা আৰু চন্দ্ৰমায়া চিমৰীয়া শৰ্মাৰ একমাত্ৰ পুত্ৰ। আৰ্থিক ভাৱে অতি চচ্ছ
নহয় যদিও ৰোশন শৰ্মাৰ প্ৰতিভাৰ বাবে সমগ্ৰ হেলেম তথা মিছামাৰী বাসী ৰাইজে সলাগ
লোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰোশনে যাতেই ৰাজ্য তথা দেশৰ নাম ৰোশন কৰি
জাৰ্মান দেশৰ পৰা উভতি আহে তাৰেই কামনা কৰিছে সকলোৱে।