মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত থাকিব
মুখ্যমন্ত্ৰী গৰাকী । প্ৰথমবাৰৰ বাবে মাজুলীত ৰাস চাব মুখ্যমন্ত্ৰীয়ে।
মাজুলীত উপস্থিত হৈয়ে মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিমাতীঘাটৰ ফেৰী
দুৰ্ঘটনাৰ সময়ত যিসকল লোকে নিজৰ জীৱনকো তুষ্ট জ্ঞান কৰি আনক উদ্ধাৰ কৰা
সহযোগিতা আগবঢ়ালে প্ৰায় ৩৫ গৰাকী লোকক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে
২৫ হাজাৰকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে।ইয়াৰ লগতে মাজুলী জিলাৰ ৰাস উদযাপন সমিতি
সমূহলৈ আৰ্থিক সাহায্য বিতৰণ কৰে।মাজুলীৰ ৫৯ খন ৰাস সমিতিলৈ পঞ্চাশ হাজাৰ কৈ
সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।