আলফা চৰকাৰৰ আলোচনাত প্ৰয়োজন হলে সহায় কৰিব বীৰ লাচিত সেনাই।
বৃহস্পতিবাৰে লখিমপুৰত আলফাৰ সেনা প্ৰথম পৰেশ বৰুৱাক আলোচনালৈ আহ্বান জনাই এই ক্ষেত্র ত প্ৰয়োজন হলে বীৰ লাচিত সেনাই সহায় কৰিব বুলি মন্তব্য কৰে বীৰ লাচিত সেনাৰ কেন্দ্রীয় মূখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই। লখিমপুৰত এটা পথ উদ্বোধন ৰ কাৰ্য্য সূচী ত অংশ গ্ৰহণ কৰি সাংবাদিক ৰে হোৱা বাৰ্তা লাপত শৃংখল চলিহাই পৰেশ বৰুৱাক আলোচনালৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাই এইদৰে কয়।
আলোচনাপন্হী আলফাৰে আলোচনা কৰাত চৰকাৰৰ সদিচ্ছা নাই বুলি উল্লেখ কৰি শৃংখল চলিহাই কয় যেতিয়ালৈকে আলোচনা নহব তেতিয়ালৈকে আলফালৈ যুৱক যুৱতী গৈয়েই থাকিব।
বড়ো ভাই সকলৰ দৰে আলোচনা লৈ আহি পৰেশ বৰুৱাক প্ৰাপ্য আজুৰি আনিবলৈও তেওঁ পৰেশ বৰুৱাক আহ্বান জনায়।
অসমীয়া ভাষাৰ ওপৰত হোৱা আক্রমণ সহ্য কৰা নহব বুলি পুনৰ হুংকাৰ দি তেও কয় আমাৰ ভাষাৰ ওপৰত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ কৰা হব।