সদৌ কমান অপৃন কেবাঙৰ বাৰ্ষিক সাধাৰণ সভা
লখিমপুৰৰ ভীমপৰাৰ গৰৈমাৰী কৃষ্টি ভৱনত অনুষ্ঠিত হয়।
এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন হয় অনুষ্ঠান।
মূল সভাৰ সভাপতিত্ব কৰে তথা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি নন্দেশ্বৰ কমানে।
অনুষ্ঠানৰ আঁত ধৰে চিদানন্দ কমানে অনুষ্ঠানৰ লগত সংগতি ৰাখি জ্যোষ্ঠ কমান বংশৰ নাগৰিক সকলক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানৰ জৰিয়তে কমান বংশৰ স্বকীয়তা, ঐতিহ্য, পৰম্পৰা আদিৰ ওপৰত বিশদভাৱে আলোকপাত কৰা হয়।