লখিমপুৰৰ ৰঙাজানত চাঞ্চল্যকৰ ঘটনা
শোৱাপাটীতে দুগৰাকী মহিলাক দুৰ্বৃত্তই আক্ৰমণ এছিডেৰে ।
গুৰুতৰভাৱে আহত ৰেহেনা বেগম আৰু নুৰেদা বেগম।
ৰেহেনা বেগমৰ স্বামী ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ আক্ৰান্তৰ ।
১০ বছৰ পূৰ্বে ৰেহেনা সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল
বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি শাৰিৰীকভাৱে অত্যাচাৰ চলাই আহিছিল স্বামী ৰফিকুলে।
আনকি ৩ মাহ পূৰ্বে ৰফিকুলে মৰিয়াই-মৰিয়াই ভাঙিছিল ৰেহেনাৰ হাত
তেতিয়াৰ পৰা মাতৃৰ গৃহতে আছিল ৰেহেনা ।
দেওবাৰে পৰিয়ালৰ এজনৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মহিলা গৰাকী।
মাজ নিশা ঘৰৰ দুৱাৰ কাটি শোৱাপাটিতে এছিড ঢালিলে দুয়োগৰাকী মহিলাৰ গাত ।
নিশাই দুয়োকে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত কৰোৱা হ'ল ভৰ্তি ।
উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ দুয়োকে ।
আক্ৰমণকাৰী স্বামী ৰফিকুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে ।
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আঞ্চলটোত ।