বিপ্লৱী গণ শিল্পী স্বৰ্গীয় সূৰ্য চিন্তেৰ সহধৰ্মিনী শশীপ্ৰভা ( কাৰপুং) চিন্তে বিয়োগত শোকৰ ছাঁ।
আজি বিপ্লৱী গণ শিল্পী স্বৰ্গীয় সূৰ্য চিন্তেৰ সহধৰ্মিনী শশীপ্ৰভা ( কাৰপুং) চিন্তে বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
জানিব পৰা মতে ঘিলামৰা থানাৰ অন্তৰ্গত চুমনি মেদক গাঁৱৰ বিপ্লৱী শিল্পী, দৃঃবৃ কেবাংৰ প্ৰাক্তন উপ সভাপতি স্বৰ্গীয় সূৰ্য চিন্তেৰ সহধৰ্মিনী শশী প্ৰভা(কাৰপুং) চিন্তে ৮১ বছৰ বয়সত নিজা বাসগৃহত যোৱাকালি সন্ধিয়া ৪.১৭ বজাত আকৎস্মিকভাৱে মৃত্যুক আকোৱালি লয়।
তেখেতৰ মৃত্যুত দল সংগঠনসমূহে গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়ালটিলৈ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেখেতে দুজনকৈ পুত্ৰ বোৱাৰী, নাতি- নাতিনী, জী- জোৱাইক এৰি থৈ যায়।
Tags:
Assam news