ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কাষৰ গুইজানত Web ecotourism ৰ উদ্যোগত Restaurant আৰু যোগাসন গৃহ উদ্বোধন ৷
দেওবাৰে আবেলি গুইজানত Web ecotourism ৰ উদ্যোগত আখাশাৰী নামৰ এখন ৰেষ্টুৰেণ্টত - যোগাসন গৃহ আৰু এক অন্তৰাংগ আলোচনা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰ পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৷ এই কাৰ্যসূচীয়ে নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপুৰ ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ দিশত দেশী - বিদেশী পৰ্যটক অধিক আকৰ্ষিত কৰাৰ ওপৰিও সহায়ক হব বুলি পৰ্যটন নিগমৰ অধ্যক্ষই মত পোষণ কৰে ৷ দেওবাৰৰ এই অনুষ্ঠানত স্থানীয় বিধায়ক পোনাকন বৰুৱাৰ লগতে শতাধিক ৰাইজে অংশ গ্ৰহন কৰে ৷