TMPK ৰ অবিভক্ত শোণিতপুৰ জিলা কমিটীৰ অধিবেশনৰ আজি দ্বিতীয় দিন।
গহপুৰৰ ৰজাবাৰীৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPK ৰ অবিভক্ত শোণিতপুৰ জিলা কমিটীৰ অধিবেশনৰ আজি দ্বিতীয় দিন। ৩,৪ আৰু ৫ জানুৱাৰীত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অধিবেশনৰ দ্বিতীয় দিনা কাৰ্যসূচী অনুযায়ী পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পাছতেই দ্বিতীয় দিনাৰ প্ৰতিনিধি সভা আৰম্ভ হয়। আনফালে মুকলি মঞ্চত বিভিন্ন নাচ গানেৰে মুখৰিত হৈছে। হাজাৰ হাজাৰ লোকৰ সমাগমেৰে মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।
Tags:
Art & culture